সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১২
গুৰু-চৰিত

শঙ্কৰে বোলন্ত কথা কহিবো বুজাই।
যিবা কাৰ্য্যে ইহাঙ্ক বুলি্লো মই আই॥ ১৪২৮
অংশ অৱতাৰে জানা এওঁ মোৰ আই।
পৰ্শুৰাম অৱতা্ৰে ভৈল সেহি ঠাই॥
সেহি কালে জামদগ্নি পিতৃয়ে বুলিলা।
ৰেণুকা মাৱক মোক কাটিবাক দিলা॥১৪২৯
পিতৃ আজ্ঞা শিৰে ধৰি তাহাঙ্ক ছেদিলো।
জীবাক লাগিয়া পুনু তান্তে বৰ লৈলো॥
হেন দেখি মাতৃ মোক বুলিলা বচন।
কৰিয়ো নিস্তাৰ মোক বাপ এতিক্ষণ॥ ১৪৩০
হেন শুনি পাচে মই বুলিলোহো বাণী।
শঙ্কৰ অৱতাৰ আমি হৈবোহো বৈসানিো॥
কংস কুৱলয় হস্তী ৰামখাৰ ঘৰে।
ষাণ্ড লাগি মেলিবে শুনিবে নিৰন্তৰে॥ ১৪৩১
দশৰথ হৈ্ব হস্তী কৃষ্ণে ষাৰিবন্ত।
কু্পদে পৃথিবী বুলিয়া সবেও কন্ত॥
কৃষ্ণৰ পাৱত পৰি কৰিয়া কাতৰ।
কিমতে মুকুতি হৈবো দিয়া এহি বৰ॥ ১৯৩২
ৰামখাৰ পিতৃ্ৰ শ্ৰাদ্ধত তোকে দাগি।
মেলিবেক বৃষোৎসৰ্গ কৰিবক লাগি॥
নৱজন লোক খুঞ্চি মাৰিবিহি তই।
তোক মৰ্দ্দিবাক প্ৰতি চৰি খাইবো মই॥ ১৪৩৩