পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১১
তৃতীয় খণ্ড

হো বুলি ষাণ্ডক মাৰিল এক লাঠি।
পৰিলত গবৰি কৰিয়া সিটো বান্তি।
খৰমৰ কৰি সিটো চক্ষু পালটাই।
ভৈলেক শ্ৰীহীন তাৰ চুৰ্ত্তি বুদ্ধি নাই॥ ১৪২৩
শঙ্কৰে ভাৱন্ত জানো ষাণ্ড যায় মৰি।
চাহি আছে তাহক নিৰখি দৃষ্টি কৰি॥
ষাণ্ডে চক্ষু মেলি শঙ্কৰক দেখিলন্ত।
যদি মোক আৰোবাৰ প্ৰহাৰ কৰন্ত॥ ১৪২৪
সমূলি মৰিবো আজি ইহাৰ হাতত।
এহিবুলি ষাণ্ডে পাচে গুণয় মনত॥
চক্ষু মুদি বায়ুক নিৰোধি বহিলন্ত।
ভথৰা মৰিল বুলি নাকে শ্বাস চান্ত॥ ১৪২৫
দেখন্ত শঙ্কৰে কৰিলন্ত আন মন।
উঠিয়া লৱৰ দি্লা ষাণ্ড তেতিক্ষণ॥
পলাই পাই বুলি শঙ্কৰে ৰিঙ্গ দি্লা।
লৱৰিয়া বাণ্ড গৈ্য়া অৰণ্যে পশিলা॥ ১৪২৪
কমলীধৰায়ে দেখি হাসে ৰঙ্গ কৰি।
ঘৰে গৈল শঙ্কৰ পূৰ্ব্বৰ ৰূপ ধৰি॥
পথত যাহন্তে পৰমানন্দে পুছিলন্ত।
ষাণ্ড কোন আছিল ইহাৰ কৰা অন্ত॥১৪২৪
ইটো নাৰী পুৰ্ব্বজন্মে আছিঅলন্ত কোন।
থা্কা মাৱ বুলিয়া মাতিলা কি কাৰণ॥