এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
দ্বিতীয় খণ্ড
ব্ৰহ্মপুত্ৰ তীৰ্থ জল আতি বৰ চেঞ্চা।
গাৱ কাটি নেই মহা অদভূত কেঞ্চা॥১২৭০
তোমাক নপাৰো বুৰে জিনিবাক আমি।
তবু কৰ্ম্ম দেখি মোৰ গাৱ আসে ঘামি॥
তোমাৰ মহিমা কোনে বুজিবে সম্প্ৰতি।
হেন বুলি ৰৈলা ৰামৰাম মহামতি॥১২৭১
আৰোবাৰ শঙ্কৰে দিলন্ত বুৰ যাই।
গালে মুখে হাত দিয়া সবে আছে চাই॥
বসিলন্ত পদ্মাসনে যোগক অভ্যাসি।
আন্তৰিলে জল সবে ওচৰ নচাপি॥১২৭২
আদি অন্ত নাহি যাৰ বাহিৰ ভিতৰ।
হেন হৰি ছদ্মৰূপে ভৈলন্ত শঙ্কৰ॥
দণ্ড চাৰি থাকি পাচে আসিলন্ত উঠি।
দেখি সমস্তৰে ভৈলা মহা মনতুষ্টি॥১২৭৩
গৃহক লৰিলা ৰঙ্গে ধ্বজা কান্ধে চড়ি।
শিশুগণো লৰিলন্ত আনন্দিত কৰি॥
ডোঞাৰৰ মুখে গৈলে পলমেসে পাই।
গৈল তাৰ মুখে পাচে শঙ্কৰ পলাই॥১২৭৪
দুইখান নৌকা আছে জলত বুৰাই।
পাৰ ভৈল সবেও সিঞ্চিয়া সবে যাই॥
হান্দি নাম দ্বিজ আছে খাই তাৰ পানী।
জলত বুৰায়া থৱে নাৱ দুইখানি॥১২৭৫