পৃষ্ঠা:গুৰুচৰিত.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
গুৰু-চৰিত


গুৰু ভকতত পৰে নাই নাই বন্ধু।
নাই নাই তব তৰিবাক পাপসিন্ধু॥
দৈৱকীনন্দন দেৱ মোৰ নিজ গুৰু।
নামধন দিয়ো ভকতৰ কল্পতৰু॥ ৯৭৮
গুৰু আত্মা গুৰু বন্ধু গুৰু নিজপ্ৰাণ।
ত্ৰৈলোক্য মধ্যত গুৰু বিনে নাহি আন॥
আন যত সবে মিছা গুৰু মূলধন।
সৰ্ব্বদায়ে চিন্তা নিতে তাহান চৰণ॥ ৯৭৯
ইতিনি লোকত গুৰু বিনে গতি নাই।
হেন ইষ্ট বন্ধু ইহ পৰলোকে পাই।
শ্ৰৱণ কীৰ্ত্তন নাম নছাৰোক মুখে।
গুৰুতৰ সঙ্গ মাত্ৰ হোক সুখে দুখে॥ ৯৮০
কত কোটি কোটি জন্ম ভ্ৰমো সংসাৰত।
ইবেলি শৰণ লৈলো তোমাৰ পাৱত॥
উটি বুৰি ফুৰো আমি যেন মীন প্ৰায়।
ক্ষোভ টোপগোটে খাই বিষয় লোভাই॥৯৮১
আয়ু পুঙ্গাগোটে লৈয়া ফুৰে ওপঙ্গাই।
বৰণীয়া কালব্যাধে মাৰিয়া চোবাই॥
ইহ পৰলোকে মোৰ প্ৰাণ থাকে যাৱে।
নেৰিবাহা নাথ নোক তযু পদনাৱে॥ ৯৮২
শৰণ পশিলো আৰে তোমাৰ মাধৱ।
তুমি বিনে নাহি মোৰ পৰশ বান্ধৱ॥