পৃষ্ঠা:গুৰুচৰিত.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
দ্বিতীয় খণ্ড

ছয় মাস পূৰ্ণ আসি শঙ্কৰৰ ভৈল।
অন্ন চুৱনীক লাগি তেবে যত্ন কৈল॥৯৫০
কুসুমে আনিয়া বন্ধু বান্ধৱক মাতি।
অল্প চুৱনীক কাৰ্য্য আলোচিয়া আতি॥
নৰোত্তম গুৰুক মাতিলা ভূঞা পাচে।
হেন শুনি আইলা গুৰু কুসুমৰ কাচে॥৯৫১
বিধি অনুষ্ঠান কথা কুসুমত কৈলা।
সবন্ধু বান্ধৰে শুনি আনন্দিত ভৈলা॥
আঙ্গিণা চোতাল কৰিলন্ত অলঙ্কৃত।
হোমক আনিলা ভূঞা পাঞ্চসেৰ ঘৃত॥ ৯৫২
দশদিগপালক কৰিয়া বহু তুতি।
নৰোত্তম গুৰু দিলা অগ্নিত আহতি॥
মন্ত্ৰ পঢ়ি দেৱতাক মাতি গাৱে গাৱে।
সমস্ত দেৱক হোম দিলা ভাৱে ভাৱে॥৯৫৩
পৰম তৃপিতি সবে ভৈলা দেৱগণ।
স্বৰ্গত থাকিলা গৈয়া কৰি ৰঙ্গ মন॥
এহিমতে সাঙ্গ যেবে কৰিলন্ত হোষ।
গুৰুক প্ৰণাম পৰি কৰিলা কুসুম॥৯৫৪
ষাঠিগোটা কন্যা ৰঙ্গে উৰুলি দিলন্ত।
শঙ্কৰক বুঢ়ীআই আনন্দে নোৱান্ত।
তৈল হৰিদ্ৰাক গায়ে মূণ্ডে খহি পিৰি।
শঙ্কৰক খোৱাইলন্ত পৰম হৰিষি॥ ৯৫৫