পৃষ্ঠা:গুৰুচৰিত.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
গুৰু-চৰিত


কৰা কৃপা পতিতৰু বাপ জগন্নাথ।
মোৰ ইষ্টগুৰু তুমি অনাথৰ নাথ॥৬৯৮
সংসাৰ পথত ভ্ৰমো তোমাক নাজানি।
কৰিয়ো উদ্ধাৰ আবে প্ৰভু পদ্মপাণি॥
শুনি আছো তুমি প্ৰভু পতিতপাবন।
ইবাৰ কৰিয়ো বাপ দুখ নিবাৰণ॥৬৯৯
শৰণাগতক মোক নেৰিবা মাধৱ।
কৰা পৰিত্ৰাণ হেন প্ৰাণৰ বান্ধৱ॥
হে প্ৰাণবন্ধু ভকতৰ ভয়হাৰী।
মোত পৰে সংসাৰত নাহি অহঙ্কাৰী॥ ৭০০
বন্দী ভৈলো সংসাৰত মায়া মোহে পৰি।
ভাৰ্য্যা পুত্ৰ এৰি যাইবো যাতনাক লৰি॥
মিছা বিষয়ত আসকতি ভৈলা মোৰ।
তযু পদ পঙ্কজত ভৈলো সেৱা চোৰ॥৭০১
আশা নামে নদীৰ হুয়োক সবে পাৰ।
কৃষ্ণৰ সেৱাক মনে ইচ্ছা আছে যাৰ॥
ধৰিয়োক গুৰুপদ পঙ্কজক ডাটি।
পাপৰ বাসনা যত পেহলায়োক কাটি॥৭০২
নজানো ভকতি পাপী মই আতি অন্ধ।
গুৰুৰ সেৱাত মোৰ নাহিকে প্ৰবন্ধ॥
ভকতিৰ সাগৰ নিৰ্ম্মলয় নদী।
নিবিচাৰি দোৰ গুণ প্ৰভু দিয়া ৰহি॥৭০৩