পৃষ্ঠা:গুৰুচৰিত.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
দ্বিতীয় খণ্ড

কুসুমৰ বিষ্ণুজ্ঞান সমস্ত হৰিল।
সবাহাঙ্কে শৰৰ মায়ায়ে মোহিল॥
শঙ্কৰৰ পাচত বসিলা পাচে দুখে।
হাটফোট কৰে বহু মাত নোলায় মুখে॥ ৬৮২
কুসুমে বুলিলা ছ্যোট ভাৰ্য্যাক শুনাই।
পথ খাই শঙ্কৰক স্তন দিয়া যাই॥
শুনি নুশুনিলা সিটো কথা তেন্তে বেৰে।
চান্দেৰী বুঢ়ীআইক বুলিলেক তেবে॥৬৮৩
বুঢ়ীআইক বুলিলন্ত সবাকে -শুনাই।
তিনি দিন শঙ্কৰে কিছু নখাৱয়॥
কেঞ্চুৱা ছোৱাল আবে জীব কেনমতে।
আৰ মৃত্যু হলে মই জীবো কোন সতে॥৬৮৪
সূৰ্য্যবৰ জয়ন্ত মাধৱ আদি কৰি।
শঙ্কৰক চাই সবে কৰে হৰি হৰি॥
আগদিনা পথ খাইলা গোসানী চান্দেৰী।
বহি যায় দুগ্ধ দুইৰো ধাৰাদণ্ডে থৰি॥৬৮৫
সেহিবেলা বুঢ়ীআই স্তন দিলা মুখে।
তিনি দিনে শঙ্কৰে খাইলন্ত পাচে সুখে॥
খেৰসুতী কোলাহন্তে চামেৰিয়ো নেস্ত।
কোলে কৰি শঙ্কৰক মুখে স্তন দেন্ত॥৬৮৬
স্তন খায়া শঙ্কৰে কোলাতে মিত্ৰা গৈলা।
লাস কৰি চান্দেৰীয়ে খাটে শুৱে থৈলা॥

১০