পৃষ্ঠা:গুৰুচৰিত.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
গুৰু-চৰিত


সেহিদিনা চান্দেৰীও খীৰিসাক আনি।
খুৰিত কৰিয়া লৈয়া চেনি গুৰ সানি॥৬৫৪
হাতে লৈয়া খুৰীত যে হৰিল লয়নু।
মহাখঙ্গে জ্বলে যেন শঙ্কৰৰ তনু॥
তধা দিয়া চাহি তাক আছন্ত চান্দেৰী।
পুনু দেখে আছে খুৰী লৱনু যে ভৰি॥১৬৫
আৰো দেখিলন্ত তাতে বৈকুণ্ঠ নগৰ।
ভৈলা বিমোহিত সতী নাই পাৰ ওৰ॥
সিটো ৰূপ তেতিক্ষণে এৰিলা শঙ্কৰে।
লাগিলেক মাথা গৈয়া চৌতিৰ উপৰে॥৬৫৬
হাস লাস কৰি ফুৰে যত নৰ নাৰী।
ৰত্নময় বিমান আছয় শাৰী শাৰী।
হেন দেখি চান্দেৰী বসিয়া ভৈল ভোল।
মনত বিকল সতী নাই মাত বোল॥৬৫৭
বিস্ময় দেখিয়া বোলে কিনো দেখিলোহো।
শঙ্কৰ যেনয় আৰু তেনয় দেখিলোহো॥
বৈকুণ্ঠ নগৰী সতী দেখিলা সাক্ষাতে।
মুদি দুয়ো আখি পাচে ঢাকিলন্ত হাতে॥৬৫৮
কতোবেলি চান্দেৰী চাহিলা চক্ষু মেলি।
দেখন্ত শঙ্কৰ আছে কৰি মহাকেলি।
সুস্থ হৈয়া চান্দেৰী বোলয় মনে গুণি।
হেন মায়াৱন্ত শিৱ নতু দেখি শুনি॥৬৫৯