পৃষ্ঠা:গুৰুচৰিত.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
দ্বিতীয় খণ্ড

খেৰসুতি দেখিয়া ধৰিলে দিয়া চাম্প।
বল দিয়া টানয় কৰিয়া কাম্প জাম্প॥
সত্যসন্ধ্যা উঠি ধৰিলেক এক পা্ৱে।
হাইফুই কৰয় নেৰয় একো ভা্ৱে॥৫৬১
কুসুমেয়ো ধৰিয়া টানয় এক পাৱে।
চাৰি পাঞ্চে টানয় ধৰিয়া হাতে গা্ৱে॥
মনত তৰাসে পাচে বসিল অৰু্ণী।
নামিলা কোলাৰ পাচে প্ৰভু মনে গুণি॥৫৬২
হেন দেখি সবেয়ো মনত গুণে ডৰি।
শিশুৰূপে মনত গুণন্ত দেৱহৰি॥
বিপৰীত বিপৰীত কিনো বিপৰীত।
আচৰিত আচৰিত কিনো আচৰিত॥ ৫৬৩
যত কথা কহিলা সণ্ঢৰা মহামানী।
সবে সত্য কথা এক তিল নহে হানি॥
সবে বন্ধু বান্ধৱত হেন কথা কৈল।
অনন্তৰে অৰুণীয়ো ঘৰে চলি গৈল॥৫৬৪
বুঢ়াখাৰা আগত কহিলা সিটো কথা।
বৰতো অদ্ভুত স্বামী দেখিলোহো তথা॥
বুঢ়াখায়ো বোলে আবে কেমন দেখিলা।
শঙ্কৰ মনুষ্য নহে তাহা্ঙ্ক জানিলা॥৫৬৫
শঙ্কৰৰ কাষে বসি আছা সূৰ্য্যবৰ।
সিটো যত কথা সবে গুচিল মনৰ॥