পৃষ্ঠা:গুলেনাৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। পিয়াৰ৷।—(বহে ) খবৰ আৰু কি বেগম চাহেব ? চাহজাদাৰ মহলত থকাটো আমাৰ কাৰণে আৰু টানহৈ উঠিল ৷ মেহেৰ। — কিয় ? হল কি? 1 পিয়াৰ৷।—নাইনে| হোৱা কি? আমি গৰীব বান্দী, আমাৰ দুখৰ কথা শুনি আপুনি কি কৰিব ? মেহেৰ। —কোৱাচোন বাৰু শুনো। পিয়াৰ৷।—চাহজাদাই এইবাৰ কমলমীৰ যুদ্ধলৈ গৈ ইৰাণী বান্দী এজনী পাই আনিছে, আপুনি শুনিছে বোধ হয় ? ৩৩ মেহেৰ।— শুনিছে৷, পিছে ? পিয়াৰ৷।—আমালোকৰ আজি কালি তেৱেঁই মালেক্, তেওঁ যিটো কয়, লাগিলে চাহজাদাৰ হুকুম অমান্য কৰিও আমি তাকে কৰিব লাগে। মেহেৰ।—তাৰ কাৰণ ? পিয়াৰ৷।—কব নোৱাৰে৷ বেগম চাহেব।। চাহজাদাই কয় যে আনাৰ তেওঁৰ বান্দী, আমি কিন্তু দেখোতে— নেহেৰ।—বচ, বচ, আৰু কব নেলাগে। তুমি এতিয়া যোৱাগৈ পিয়াৰ৷ ! মোৰ গাটো বৰ ভাল নহয়, এফে৷ শোও। পিয়াৰ৷।—( উঠি ) শুনিবলৈ পাইছে৷— মেহেৰ।—বান্দী ! পিয়াৰ৷।—(দুৱাৰ মুখলৈ গৈ ) শুনিবলৈ পাইছোঁ, চাহজাদাই বোলে তেওঁক চাদি কৰিব। ...... মেহেৰ।—নিকালো বান্দী, হাৰাম্‌জাদী! (পিয়াৰাৰ বেগেৰে প্ৰস্থান ) এইৰ বৰ ‘দেমাগ’ বাঢ়ি গৈছে, অহ। বন্ধ কৰি দিম ৰৈ) তাইৰ নো দোষ কি, শুনা কথাহে কৈছেহি। তাতে (অলপ-