পৃষ্ঠা:গুলেনাৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ গুলেনাৰ । হিয়াৰ মোৰ স্লপ্ত শান্তিয়ে এই মঙ্গল মুহূৰ্ত্তত পুহুজাগি উঠক আজি ! ( চেলিমৰ প্ৰৱেশ। ) চেলিম।—কোন তোমালোক ? (স্বগতঃ) ৱাহ! কি অমৰ।—(স্বগতঃ) ৰাজসাজ পিন্ধা কোন এওঁ মোগল ৱালত হাত দিয়ে) আনাৰ।—(স্বগতঃ) কোন এওঁ? হে খোদা দোস্ত নে- দোছ মন্? আহা কি ৰূপ ! সুন্দর দৃশ্য ! যুবক ? চেলিম। — স্বগতঃ) কোন এওঁ লোক? মুখমণ্ডলত মহিমাৰ জ্যোতি ৰেখা। অমৰসিংহ নহয় তো ? অমৰ।—কোন আপুনি ? ইয়ালৈ অহাৰ অভিপ্রায় কি ? চেলিম। - আপুনি নিজৰ পৰিচয় দিলেহে মোৰে। পৰিচয় পাব । 9 অমৰ । মই মেৱাৰৰ যুৱৰাজ — অমৰসিংহ । চেলিম। – অপূৰ্ব্ব সম্মিলন যুৱৰাজ বাহাদুৰ ! মই চাহজাদ) চেলিম। অমৰ। — চাহজাদা! চাহজাদা চেলিম ! ( তৰোৱালত হাত দিয়ে চেলিম।—(হাঁহি) হয়, যুৱৰাজ অমৰসিংহ — মই চাহজাদা চেলিম। আনাৰ।—চাহজাদা, চাহজাদা চেলিম! আহ্ হাহ্ হাহহ। অমৰ।—এনে অসময়ত ইয়ালৈ অহাৰ কাৰণ ? (তৰোৱালত হাত দিয়ে )। চেলিম।—(গম্ভীৰ ভাৱে ) নেভাবিব কুমাৰ, শোণিত পিপাসী শত্ৰুৰ হৃদয়েৰে এনে মঙ্গল মুহূৰ্ত্তত মই আপোনাৰ সন্মুখত ঠিয় হৈছোহি বুলি । অৱশ্যে ভাবিব লগীয়া কথাই। আমাৰ সেনাপতিত্ব অতর্কিত আক্রমণেই আপোন৷ লোকৰ এই বিপদৰ মূল।