পৃষ্ঠা:গুলেনাৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। নিশা, মোৰ অঙ্গস্পৰ্শ কৰি কোৱ৷ আনাৰ, তুমি মোৰ হব৷? প্ৰেমবাৰি দানে, মোৰ হৃদয়কৃত সযতনে ৰোৱ৷ আশ৷ পুলিটিক, ঠন ধৰাটি কৰি তুলিবাঁ? মোৰ এই নিৰ্ম্মম কঠোৰ পুৰুষ জীৱনটে৷ তোমাৰ পৱিত্ৰ প্ৰেমৰ অমিয়ধাৰাৰে কোমলাই প্ৰেমময় মধুময় কৰি তুলিবাঁ? কোৱাঁ, আনাৰ! কোৱা, পাৰিব৷? আনাৰ।— খোদায়ে দিয়া সহোদৰ মোৰ, মই যে তোমাৰ ভগ্নী অশ্ৰুমতি। অমৰ।—কি? কি? অশ্ৰুমতি! সঁচা? সঁচাকৈয়ে তেনে এতদিনে তোমাৰ এই অকনিমানি হিয়াখনিয়ে মোৰ প্ৰতি স্বৰ্গীয় পৱিত্ৰ মধুৰ ভগ্নীস্নেহ পালি আহিছে? আঃ! ....ধন্য তুমি ইৰাণ কুমাৰী! অলৌকিক হৃদয় বলেৰে আজি তুমি মেৱাৰ যুৱৰাজৰ আমাজন লগত পূৰ্ণ জয়ৰ অধিকাৰিণী হল॥ নৰাধম মই, মহাপাপী নই, (দ) মাও পৰিত্ৰ স্নেহময়ী ভনীটিৰ সৌন্দৰ্য কাম কলুষিত চকুৰে এতে দিন চাই আছিলোঁ।--...-আই৷, আই| দেৱী! শিক্ষাদাত্ৰী, ভগ্নী, সউ অনন্ত-উদাৰ আকাশত নক্ষত্ৰসুন্দৰীহঁতিক চৌপাশে লৈ যোলকল৷ চন্দ্ৰদেৱে জগত পাতাৰ মহিম৷ ঘোষণা কৰিছে; তলত সুনীল সুশোভন হৃদয় ফলিত ওপৰৰ সেই মধুৰ মোহন ছবি আঁকি লৈ শৈলাঙ্গশোভিনী গিৰিনন্দিনীয়ে তৰল তৰঙ্গে নাচি নাচি যাব ধৰিছে; এই চন্দ্ৰালোকিত গভীৰ নিশ৷ এই প্ৰশান্ত সলিলকপিনী নাৰায়ণীৰ চৰণ প্ৰান্তত ঠিয় হৈ আহ, আনাৰ! পৱিত্ৰ ভাতৃ মূৰ্ত্তিৰে প্ৰাণ ভৰি ভগ্নী ভগ্নী বুলি মাতো, হাত দিয়া ( আনাৰৰ হাতত ধৰি ) সকলে৷ কলুষ কামন৷ পাপ সাজদী - কুবাসনা তোমাৰ পৱিত্ৰ স্পৰ্শত নিমিষতে বিলোপিত হক, Mas 1195 50