পৃষ্ঠা:গুলেনাৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক । অমৰ।——শীঘ্ৰে, শীঘ্ৰে আই৷, এই মুহূর্ত্তে ইয়াৰ পৰ৷ পলাব লাগে। আনাৰ।—কিন্তু, কিয়? হৈছে কি দাদা? অমৰ ।—— এতিয়াও কব নোৱাৰ৷ তুমি, কি হৈছে? মোগল সেনাপতিয়ে এই গভীৰ নিশাতে অকস্মাত আহি আমাক আক্রমণ কৰিছেহি। আনাৰ।—কোন যোগল সেনাপতি ? অনৰ।—মানসিংহ; চাহজাদা চেলিমে৷ আহিছে। শুনিছে৷ অতর্কিত অৱস্থাত আমাক এই দৰে আক্ৰমণ কৰাত তেখেতে আপত্তি কৰিছিল, কিন্তু কি কৰিব? বর্তমান তেখেত এজন অধীনস্থ সেনানায়ক মাথোঁ। আনাৰ।—তোমালোকে যুদ্ধ নকৰ৷ কিয়, দাদা ? এই ঠাই খনি এৰি যাবলৈ মোৰ বেয়া লাগিছে ; এনে সুন্দৰ ঠাই । অমৰ।—পাৰোঁতে নো এৰি যাব খুজিছোনে, আনাৰ ? উপায় নাই। আমি একেবাৰে অপ্রস্তুত আছিলোঁ, হঠাৎ মোগল স্যৈ আহি বেৰি ধৰাত পলাবলৈ বাধ্য হলো। এনে অপ্রস্তুত অৱস্থাৰে প্ৰত্যাক্ৰমণ কৰিলে একে। লাভ নহয় বৰং প্রাণীক্ষ শক্তিক্ষয় হব। এতিয়৷, শীঘ্ৰে শীঘ্ৰে বল। আনাৰ ! ইয়াত আৰু কেওঁ নাই, সকলো গল, তোমাক লৈ যোৱাৰ ভাৰ মোৰ ওপৰত। আনাৰ।–তেনে তোমাৰ মোৰে ব্যতীত ইয়াত আৰু কেও নাই ? অমৰ।—( হাঁহি ) আছে, শত্রু সৈন্য । আনার।—তেনে বল!, বলা দাদা! শীঘ্ৰে বলা, কেনি? কোন বাটে বাম ? - অমৰ। — সৌ নৈ পাৰ নহলে আৰু উপায় নাই, কিন্তু ইমান দূৰ শঁতৰি যাব পাৰিৱ৷ জানো, আনাৰ ?