পৃষ্ঠা:গুলেনাৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। সেই ৰাজপুত জাতিয়ে আবাবল্লিৰ দৰে সগৰ্ব্বে সদৰ্পে বুকু ফিন্দাই ঠিয় দি আছে। ধৰ্ম্মত যি জাতি পুণ্যবান, কৰ্ম্মত যি জাতি বীৰ, জ্ঞানত যি জাতি মহীয়ান, সেই ৰাজপুত জাতিয়ে কি আজি ধৰ্ম্মশিক্ষা কৰিব লাগিব মোগলৰ কাষৰত ? চেলিম।—ঠিক কৈছ৷ ৰাজপুত ৰাজবালা! এই গৌৰৱবাণী তোমাৰ মুখতেই শোভে, সঁচা, যি ৰাজপুতে জাতি ধৰ্ম্ম, কুল-মৰ্য্যাদ৷ বিসর্জ্জন দি বিদেশী বিজাতিৰ পদতলত নতশিৰে অৱস্থান কৰে ; নিজ ভগ্নি–কন্য৷ আদিক বিজাতিৰ বিলাসৰ দাসী কৰি দি নিজক গৌৰবান্বিত যেন ভাবে, স্বর্গাদপি গৰিয়সী জন্ম- ভূমিক বিজাতিৰ পদদলিত। দেখিও যি মূঢ়জাতি নিশ্চিন্ত মনে নিদ্রিত, সেই বীৰ ৰাজপুত জাতিৰ কুলনাৰীৰ মুখত এনে গব্বিত বচন শোভা পায়, ঠিক। শুন৷ বীৰবাল৷, মোৰ উত্তেজনাৰ কাৰণ শুন৷, মই মেৱাৰ যুদ্ধলৈ যাব লগিয়াত পৰিলোঁ, কিন্তু এট। নীচ ঘৃণিত হেয় নৰাধমৰ অধীনস্থ সেনা- নায়করূপে। এই অপমানেই মোৰ উত্তেজনাৰ কাৰণ । বুজিব পাৰিছ৷ বোধ হয়,—সেই নৰাধমটোনে৷ কোন ? বীৰ কুলাগ- গণ্য—-তোমাৰ দাদাৰ—মা—ন—–—সিং—হ যোধ।—ভগৱান-ভগৱান ! প্ৰলয়ৰ ঘন ঘোৰ অন্ধকাৰেৰে ৰাজস্থানক আৱৰি পেলোৱা, বিশ্বৰ চকুৰ আগৰপৰ৷ ৰাজপুত জাতিৰ অস্তিত্ব লোপ হৈ, যক, ৰাজপুত জাতি ধ্বংসৰ গভীৰ গাঁতত লুকাই পৰক, সি জাতিৰ এনে ঘৃণিত কঙ্কাল মূৰ্ত্তিৰ সংসাৰত আৰু একো প্রয়োজন নাই—একো প্রয়োজন নাই। ছিঃ ছিঃ ছিঃ ! ( বেগে প্রস্থান