পৃষ্ঠা:গুলেনাৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। তৃতীয় দৃশ্য । চেলিমৰ বৈঠক মহল। R ( চেলিমে আৰাম কুছিত বহি ভাবি থাPে ) চেলিম।——(স্বগতঃ ) মেহেরুন্নিছাৰ চিন্তাই মোক খাই মাৰিলে। তিল তিল কৈ তুহ জুইত জলি পুৰি মৰিছোঁ, তথাপি কেঁৱে মোৰ দুখ নুবুজিলে। ভাৰত সম্ৰাটৰ পুতেক মই, ভাৰতৰ ভাবি সম্ৰাট, মোৰ সমান ভাগ্য কাৰ? কিন্তু হায়, সকলে৷ মিছ৷ ! বাটে বাটে মাগি ফুৰ৷ অন্ধ কুণ্ঠব্যাধিযুক্ত দীন ভিক্ষুক এটাও মোতকৈ সুখী! মোৰ সকলো সুখ-সন্তোষ বাজৈশ্বৰ্য্য অকল মেহেৰৰ চিন্তাই বিষতুল্য কৰি দিছে। সকলোতকৈ তেওঁ ৰাজৈশ্বৰ্য্যই মোৰ বেছি কাল হল। আজি মই চাহজাদা নহৈ সাধাৰন প্রজা এটা হোৱ৷ হলে, মোৰ সুখৰ পাৰ নহলহেঁতেন। মোৰ চিবাঞ্ছিত—চিব আকাঙ্ক্ষিত ধন মেহেৰক লৈ সংসাৰৰ এচুকত ভগ৷ পঁজা এডোখৰত থাকি দিনান্তে শাক ভাত এমুঠি খাই ও পৰম সুখে জীৱন কটাই খোদাৰ “ছুক্ৰ, গুজাৰী” কৰিলোহেঁতেন। হায়! নিজ জন্মদাতাইও মোৰ অন্তৰৰ ভাব মুবুজিলে। ৰাজ্যলোভ ও গৌৰৱত মত্ত হৈ মোৰ পৰম শত্ৰু ঘৃণনীয় মানসিংহৰ ভনীয়েক বোধবাঈক মোৰে বিয়া দিলে। হায় ৰে কিছু মং ! আকবৰৰ প্ৰবেশ ) । আবৰ।—চেলিম ! চেলিম।——আব্বাজান! আজি মোৰ অতি খোছ নছিব যে চাহেন্ চাহে গৰীবখানাত পদাৰ্পণ কৰিলেহি।