পৃষ্ঠা:গুলেনাৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। অমৰ।—উদয়পুৰৰ মানুহ হোৱ| হলে এই মন্দিৰটো ইয়াত থক৷ তুমি নিশ্চয় জানিলাহেঁতেন। লক্ষ্মী।—জানে৷ মই যুৱৰাজ কিন্তু— অমৰ।—তেনে এনে দুৰ্য্যোগ কালত ইয়াত আহি আশ্রয় নলৈ, উপত্যকাৰ পাৰ হৈ গৈছিল৷ কিয় ? লক্ষ্মী। —আপুনি যে ইয়াত আহি আছেহি মই জনা নাছিলোঁ আপোনালোকে এতিয়াও কমলমীৰ ত্যাগ কৰা নাই বুলি ভাবিছিলে।। অমৰ।—আমি কমলমীৰ এৰি অহা নাই সঁচা। সকলোখিনি তাতেই আছে। মই হে মাথে৷ দুদিনলৈ বুলি ইয়ালৈ আহিছে৷৷ বাৰু এতিয়া বোধ হয় তুমি আগতকৈ অলপ বাৰু পাইছা? যোৱা, এতিয়৷ তোমালোকে বিশ্রাম কৰাগৈ, পুৱা পুনৰ দেখা হব । লক্ষ্মী।—তাৰ পূৰ্ব্বে মোৰ প্ৰাৰ্থন৷ এটি শুনিলে পৰম উপকৃত হম—কুমাৰ বাহাদুৰ ! অমৰ।— কি ? কোৱা লক্ষ্মী।—এই অভাগী মাউৰী ছোৱালীটিৰ যদি আপুনি উপায় এট। কবি দিলেহেঁতেন। অমৰ।—কি উপায় ? লক্ষ্মী ।——এই আশ্রয়হীন৷ দুখিনী বালিকাক আশ্রয় একনি যদি দিলে- হেঁতেন! কুমাৰ বাহাছৰৰ এই ফেৰ| কৃপা হলে বুঢ়া দাসে চিন্তাৰ হাত সাবে। অমৰ । — আশ্ৰয় ? আমি বর্তমান যি অৱস্থাত আছে৷, তাক দেখো তুমি নিজেই জান৷ ? শত্ৰুৰ খেদাত পৰ্ব্বত, কানন, মরুভূমিত কেতিয়া কেনে অৱস্থাত, কি বিপদত পৰে৷ তাৰ স্থিৰতা নাই ;