পৃষ্ঠা:গুপ্তমণি.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )

জম লোক স্বৰ্গ ভৈলা কণ্ঠৰ মধ্যত।
তপ স্বৰ্গ স্থান ভৈলা জানা কপালত॥ ৩৪৯
উৰুৰ ওপৰে জানা দ্বাদশ আঙ্গুলে।
স্বৰ্গ লোক নাম তাৰ জ্ঞানি গণ বোলে॥
দেৱতা গন্ধৰ্ব্ব গণে চানুৰ কিন্নৰে।
অষ্ট বায়ু গণে তাত সিদ্ধ বিদ্যাধৰে॥ ৩৫০
সমস্তৰে মাজে আছে চৌদ্ধ স্বৰ্গ স্থান।
এহি মতে জানিবা ভুবন চৌদ্ধ খান॥
আৰ এক কথা কহো শুনিয়ো সম্প্ৰতি।
নবগ্ৰহ যি স্থানত কৰন্ত বসতি॥ ৩৫১
নাড়ী ৰবি জানিবাহাঁ দেহা লেখ হয়।
চক্ষুত মঙ্গল হৃদি বুধৰ উদয়॥
হৃদয়ত উদ্ধ ভাগে গুৰুৰ বসতি।
তাৰ উৰ্দ্ধ ভাগে শুক্ৰ দেৱতাৰ স্থিতি॥ ৩৫২
পাদ চক্ৰ স্থিতি শনি মুখৰ ওপৰ।
কহিলো নিৰ্ণয় নব গ্ৰহ দেৱতাৰ॥
দশ বাৰ দশ স্থান হৃদয়ত প্ৰাণ।
অপান গুহ্যত বহে নাভিত সমান॥ ৩৫৩
কণ্ঠতে উদান বহে শৰীৰতে ব্যান।
দশ বায়ূ বহিবাৰ দেখাই লোহো স্থান॥
মুখে বহে নাগ দেব দৈত্য বক্ষস্থল।
পেটত কৃকৰ জানা বায়ু কৌতুহল॥ ৩৫৪
তালুত বহয় ধনঞ্জয় সৰ্ব্ব ক্ষণে।
কুৰ্ম্ম নামে বায়ু সদা বহন্ত নয়নে॥
এহি দশ বায়ু আছে যাৰ দশ থান।
প্ৰান অপান ব্যান সম নৈৰতান॥৩৫৫