পৃষ্ঠা:গুপ্তমণি.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৪ )


আধাৰ চক্ৰৰ পৰা হৱে শুদ্ধ মতি।
চাৰি দল কনিকা কৰন্ত পীত আতি॥ ৩১৮
আছে শৰীৰতে তিনি নাড়ী অনুপম।
সুসুম্না পিঙ্গলা ইড়া নাড়ী অনুক্ৰম॥
তিনি নাড়ী মুলে বাঢ়ি আছন্ত কমল।
তাৰ কনিকাত আছে বহ্নিৰ মণ্ডল॥ ৩১৯
অগ্নি মণ্ডলত আত্মা ৰূপে যত বেদ।
উদ্ধে চলি যাই মধ্যমৰ চক্ৰ ভেদ॥
আছে এক পদ্ম যে দ্বাদশ দশ দল।
তাৰ কনিকাত আছে জলৰ মণ্ডল॥ ৩২০
যেতিক্ষণে উষ্ণ বলে একই হোৱয়।
তেতিক্ষণে জীৱৰ যে প্ৰাণ বায়ু ৰয়॥
বায়ু অগ্নি জল এক ঠাই হয় যদি।
উদ্ধক চলয়পাছন্তিৰ চক্ৰ ভেদী॥ ৩২১
পাছন্তিৰ মধ্যে আছে সূৰ্য্য়ৰ মণ্ডল।
ৰক্ত বৰ্ণ পদ্ম তাৰ দুই শত দল॥
তাৰ কনিকাত পাই বাযু বহ্নি জলে।
যি গোটা বঙ্খাৰি চক্ৰ আছে কণ্ঠ মূলে॥ ৩২২
পদ্ম গোট আছে প্ৰকাশন্তে অদৈলে।
ৰাজ হংস সদৃশতে পঙ্কজৰ দলে॥
তাৰ মাজে আছে চন্দ্ৰ অমৃত মণ্ডল।
এতেকতে শোভা কৰে পদ্ম অষ্ট দল॥ ৩২৩
বৈক্ষাৰিক ভেদী যাবে চন্দ্ৰ মণ্ডলত।
যতে ব, ঢ়, দ, ধ, ফুৰে তৃপিনী তীৰ্থত॥