পৃষ্ঠা:গুপ্তমণি.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪ )

এতেকে পিতৃৰ বাক্য লাগে পাসিবাক।
নামানিলে কথা হইবে নৰকে যাইবাক॥ ১৫৪
প্ৰকৃতিক দিলে নিবো মোহোৰ মন্দিৰ।
এহি বুলি হৰে কৰিলন্ত মন স্থিৰ॥১৫৫॥
নমস্কাৰ কৰিয়া আছন্ত ত্ৰিপুৰাৰি।
শুনি লোকে হাসিবন্ত উপহাস কৰি॥১৫৩॥
তোমাৰ কৃপায়ে প্ৰভু যি বোলোহো আৰ।
হাসেক বুলিহে ভয় লাগয় আমাৰ॥ ১৫৭॥
হেন শুনি বোলে বাণী প্ৰভু নাৰাষণে।
যি কথা শুধিলা বাপু নকৰিবা মনে ॥১৫৮॥
শুদ্ধমনে দিলো মঞি নিয়া শুদ্ধ মন।
তোমাৰ কীৰিতি ৰৈবে ইতিনি ভুবনে ॥১৫৯॥
এহি বুলি নাৰায়ণে প্ৰকৃতিক দিলা।
মহেশে মায়াক পায়া বৰ ৰঙ্গ ভৈলা॥ ১৬০ ॥
ব্ৰহ্মা, বিষ্ণু হৰগৌৰী নমস্কাৰ কৰি।
মহা ৰঙ্গে চলি গৈলা আপন নগৰী॥১৬১॥
পৰম আনন্দ যায় আছে ৰঙ্গমনে।
একদিনা স্নানিবাক গৈলা চাৰিজনে॥১৬২॥
ব্ৰহ্মা বিষ্ণু হৰগৌৰী চাৰিজন গৈলা।
স্নানিবাক সাগৰৰ জলত নামিলা ॥১৬৩॥
দেখিয়া অনাদি হৰি গুণে মনে মনে।
মায়া কৰি যাও মই চিনে কোন জনে॥১৬৪॥
মৰা শৱ হইয়া হবি জলে উটি যায়।
প্ৰথমে লাগিল গৈয়া ব্ৰহ্মা দেৱৰ গায়॥১৬৫॥