পৃষ্ঠা:গুপ্তমণি.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২ )

অনাদি আহন্ত জাত পুৰুষৰ স্থানে।
আদি লৈয়া কৃষ্ণ পাচে ফুৰিলা তেখনে॥ ১৩০
পৰমাত্মাৰে আদ্য অনাদি তত্ব সাৰ।
শক্তি লৈয়া কেলি কৰে অনাদি ঈশ্বৰ॥ ১৩১
কত বেলি শক্তিৰ পৰিল শৰীৰতে।
নপৰিলা গৰ্ভে ৰৈলা উৰু ওপৰতে॥১৩২
বাম হাতে তুলি লৈলা পাচে নিৰঞ্জন।
তিনি ধাৰে তিনি দেৱ ভৈলা উতপন ॥১৩৩
ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ উপজিলা তিনি জন।
মায়া সঙ্গে হৰি পাচে আছে ৰঙ্গমন॥ ১৩৪
প্ৰথমে জন্মিলা ব্ৰহ্মা বেদ নিৰমান।
দ্বিতীয়ে জন্মিলা বিষ্ণু পালন কাৰণ॥ ১৩৫
তৃতীয়ে জন্মিলা হৰ সংহাৰ কাৰণে।
শঙ্খ কৰে জন্মাইলন্ত নাৰায়ণে॥ ১৩৬
সবে সেৱক হৈয়া ৰহিব নিশ্চয়।
দেখিলন্ত আত্মা গুৰু শিষ্যত মিলয়॥ ১৩৭
তিনি গুণে একতত্ত্ব জানি কৰ্ম্ম কৰে।
নিজ গুণে জানি তিনি তত্ত্বক আচৰে॥ ১৩৮
একদিন নাৰায়ণে মাতিয়া পঠাইলা।
ব্ৰহ্মা বিষ্ণু হৰ তিনি জন চলি গৈলা॥ ১৩৯
নমস্কাৰ কৰি তিনি বুলিলা বচন।
কিশক মাতিলা প্ৰভু কহিয়ো কাৰণ॥ ১৪০
যি কৰ্ম্ম পাছন্ত প্ৰভু সাধো এতিক্ষণ।
সত্বৰে কহিৱো প্ৰভু দেৱ নাৰায়ণ॥ ১৪১