এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৯ ]
নিলাজী গোপিনী লোক, যিথানে না পাৱে মোক,
সেই থানে নিবা মোক হৰি।
তাতে থাকো যদুৰাজ, ঘৰত নাহিকে কাজ,
তুমি আমি থাকো ক্ৰীড়া কৰি॥ ৩৬৮॥
কৃষ্ণে বোলে প্ৰাণেশ্বৰী, নাযাইবো তোমাক এৰি,
তুমি সে মোৰ প্ৰাণৰ সৰি।
তোমাক গলত বান্ধি, ফুৰিবো বলৰ সান্ধি,
গৃহত অধিক ৰঙ্গ কবি॥ ৩১৯॥
এহি বুলি দেৱ হৰি, ৰাধাক সাবটী ধৰি,
মুখে মুখে দিলন্ত চুম্বন।
ৰাধিকাৰ মুখ চাই, বোলন্ত শুনিয়ো ৰাই,
তুমি মোৰ নীজ প্ৰাণ ধন॥ ৩৭০॥
কতো মুখে চুমা দেও, বদন খুলিয়া চাও,
আনন্দেতে নৰহে জীৱন।
মাধৱৰ দেখি ভাৱ, ৰাধাৰ উল্লাস গাৱ,
মোৰ সমধন্যা নাহি আন॥ ৩৭১॥
মোত পৰে মাধৱৰ, সুভাগিনা নাহি আৰ,
ময়ী সে কৃষ্ণৰ প্ৰিয়া সাৰ।
এই দৰ্পে উল্লাসিত, কৃষ্ণক কটাক্ষ চান্ত,
মাতিলেয়ো নামাতন্ত আৰ॥ ৩৭২॥