পৃষ্ঠা:গীতগোবিন্দ.pdf/৮২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৮ ]

ইঠাৱত প্ৰভো,  থাকিতে নপাৰি,
 জানো আসি খেদি পায়।
সবাকো নিৰোধি,  এহি কৰা বুধি,
 নিয়ো মোক পলুৱায়॥ ৩৬৪॥
কাকো নাই শোক,  নেৰিবাহা মোক,
 নিয়োক সি থানে পাৰা।
তোমাৰ বিৰহে,  শৰীৰ নৰহে,
 এৰিলে ক্ষেণেকে মৰা॥ ৩৬৫॥

ছবী।

শুনিয়া তেখনে হৰি,  পলাইবাক মনে কৰি
 ৰাধিকাক ধৰিলন্ত হাতে।
ৰাধিকাক কৰিআগ,  কাহাকো নেদন্তলাগ,
 পলাইবে লাগিলা জগন্নাথে॥ ৩৬৬॥
কৃষ্ণক মাতন্ত ৰাধা,  গোপীগণে কৰে বাধা,
 তোমাৰ অনঙ্গ ৰস সঙ্গ।
জানিয়াছো গোপীকায়ে,  মোকফুৰে বিচাৰিয়ে,
 সি কাৰণে মোৰ উঠে খঙ্গ॥ ৩৬৭॥