পৃষ্ঠা:গীতগোবিন্দ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৫ ]

এহি মতে মাধৱ আচন্ত ৰঙ্গে তথা।
শুনিয়ােক সভাসদ গােপিনীৰ কথা॥
কৃষ্ণক নেদেখি তাৰা অসন্তোষ মনে।
এৰিলেক মন দুখে ক্রীড়াক তেখনে॥ ৩৫০ ॥
কৃষ্ণক বিচাৰি তাৰা না পাইলেক তথা।
ৰাধাৰ সখীত সবে মাতি পোছে কথা॥
ৰাধিকাৰ সতিনী শুনিয়াে চন্দ্ৰা ৰায়।
কোন খানে গৈয়া আছে মাধৱ গােঁসায়॥ ৩৫১ ॥
দেখিলে কৃষ্ণক জীত নেদেখিলে মৰি।
কোন থানে গৈয়া আছে কোন নিলে হৰি॥
সবাকে বঞ্চিয়া দুৰাচাৰি কোন নাৰী।
আমাৰ জীৱন ধন কোলে নিলা কাঢ়ি॥ ৩৫২ ॥
হেন শুনি ৰাধাৰ সতিনী কথা কহে।
আকুল নহৈবা তােৰা কৃষ্ণৰ বিৰহে॥
ৰাধিকা সখীৰ থানে আছে দামােদৰ।
নিকুঞ্জ মন্দিৰে ৰাধা সমে একেত্তৰ॥ ৩৫৩ ॥
সুকণ্ঠী সহিতে আমি আছিলোঁ সি ঠাই।
ৰত্নাৱলী আমাকে খেদাইলা অন্তৰাই॥
হেন শুনি গােপীগণ ৰঙ্গ ভৈলা বব।
কৃষ্ণক বিচাৰোঁ বুলি ভৈলক অন্তৰ॥ ৩৫৪ ॥