পৃষ্ঠা:গীতগোবিন্দ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৪ ]
 

আগ বাঢ়ি পুষ্পৰ শয্যাক দিলা পাৰি।
দেখি ৰত্নাৱলী পখালিলা দুই ভৰি॥
ধ্বজ বজ্র আছে যাত অঙ্কুশ কমল।
ৰত্নাৱলী ঢালিলা শিৰত সেই জল॥ ৩৪৫ ॥
যাঁহাকে ধিয়ান্ত হৰে খুজিয়া না পান্ত।
যােগীগণে মহা তপ কৰি যাক চান্ত॥
হেন জল ৰত্নাবলী শিৰত ঢালিলা।
আপােনাৰ জন্ম সিতাে সাঁফল কৰিলা॥ ৩৪৬ ॥
ৰাধা মাধৱক দুয়ােকো কৰি একে ঠায়।
ধুপ দীপ তাম্বূল জল আগ বহায়॥
দ্বাৰ বান্ধি বাজ ভৈলা লােকক নিবাৰি।
সুকণ্ঠীয়ে দেখাইলন্ত সৱাক অন্তৰী॥ ৩৪৭ ॥
আনাে সখী সব গৈলা কৃষ্ণক সুমৰি।
মনোৰথ ৰাধাৰ পুৰন্ত দেৱ হৰি॥
ৰাধাদেবী অমৃত সাগৰে দিলা বুৰ।
প্ৰেমৰসে আপােনাকে ভুঞ্জাই প্ৰচুৰ॥ ৩৪৮ ॥
যাক দেখি দেৱতা গণৰ ভােল মতি।
চন্দ্রে পাশৰিলা আপােনাৰ গতি॥
মহাদীৰ্ঘ ৰজনী ভৈলেক সি কাৰণে।
জগতৰ কৌতুক মিলিলে বৃন্দাবনে॥ ৩৪৯ ॥