পৃষ্ঠা:গীতগোবিন্দ.pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬৬ ]

পিঠিৰ ভাগে হস্ত পুৰুষ কোলে শিৰ।
আপোনাৰ হদয়ত চৰণ গোপীৰ॥
এহি মতে ক্ৰৌঞ্চ বন্ধ ধৰন্তে সতত।
গোপিনীৰ আলতা লাগিছে হৃদয়ত॥ ৩০৫॥
যদি নতু পোৱা দেখিবাক গোপনাৰী।
তেবে কেনে গাৱত যে আলতাৰ সাৰি॥
মাধৱে বোলন্ত কথা শুনিয়ো শ্ৰবণে।
পৰিহাঁস কৰিলেক গোপ কন্যাগণে॥ ৩০৬॥
গোধুলিকা বসি আছো তলে কদম্বৰ।
চিটা মাৰিলেক মোক ৰক্ত চন্দনৰ॥
অকাৰণে মোক দোষ নিদিবা নাজানি।
তাসম্বাত ইতো কথা পুছিবা আপুনি॥ ৩০৭॥
ৰাধিকা বোলন্ত কথা শুনি লাগে ডৰ।
জানিলোঁ পুরুষ মিচা বোলয় বিস্তৰ॥
চুম্বিতে কামোৰ দিলা গোপকন্যা গণ।
দুয়ো গালে সাঞ্চ বান্ধিআছে থানে থান॥ ৩০৮॥
দশনৰ কামোৰে তোমাৰ গালে ঘাৱ।
গোপীৰ কৰ্ম্মক দেখি মোৰ পোৰে গাৱ॥
তবু গাৱে ঘাৱ ভৈলা দুখ মোৰ বৰ।
ৰাধা কৃষ্ণ একে বুলি জানে নিৰন্তৰ॥ ৩০৯॥