পৃষ্ঠা:গীতগোবিন্দ.pdf/৭০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৪ ]

কি মতে লাগিছে প্রভাে! ওঠতে তোমাৰ।
চুমা দিলা চক্ষুত জাগিলোঁ তাসম্বাৰ॥
হেন কামাতুৰ নৰ আছে কোন জন।
মুখ এৰি চক্ষুত কৰি আছে চুম্বন॥ ২৯৫ ॥
মাধৱে বােলন্ত ক্রোধ ন কৰিৱা মনে।
শুনিয়াে ওঠৰ কাজল যি কাৰণে॥
আপােনাৰ চক্ষুৰ কাজল নিৰন্তৰ।
তােমাক না পাই মই কান্দিলাে বিস্তৰ॥ ২৯৬ ॥
লােতকৰ বেগে আসি পৰিলা ওঠত।
চক্ষুমল লাগিলেক পীত বসনত॥
ওঠৰ কাজল দেখা সেহি সে কাৰণে।
এতেক অৱস্থা মােৰ তােমাৰ নিদানে॥ ২৯৭ ॥
আকে জানি খঙ্গ মোক ন কৰিবা ৰায়।
মৰা যেন মাতো মই তােমাক ডৰায়॥
ৰাধিকা বোলন্ত কৃষ্ণ না মাতিবা মােক।
কথাক কহন্তে জানে ভাল মন্দ লােক॥ ২৯৮ ॥
গোপিনীৰ খুব নখ হৃদয়ত পায়।
সাঞ্চ বান্ধি আছে আছোৰৰ ঠায়ে ঠায়॥
চক্ষুৰ অঞ্জনে ওঠ কলা আছে পৰি।
হৃদয়ত আছােৰ লাগিল কেনে কৰি॥ ২৯৯ ॥