পৃষ্ঠা:গীতগোবিন্দ.pdf/৬৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৩ ]

বিচাৰিয়া পায়া আছা নাৰী মনােৰম।
জগততে চঞ্চল নাহিকে লক্ষ্মী সম॥
তােৰ ভাৰ্য্যা লক্ষ্মী ভৈলা জানে ত্রিভুবনে।
তাই ভিন্ন হুইবে হেন পতিয়াবে কোনে॥ ২৯০ ॥
তাইৰ হেন লক্ষণ দেখিছে সুৰাসুৰ।
এতেক স্বভাবে দুয়াে নাৰী পুরুষৰ॥
ৰাধা বিনে জগতে নে দেখে আন লােক।
এনুয়া কপট বাক্য নু বুলিবা মােক॥ ২৯১ ॥
ৰাত্ৰিৰ বিহাৰে হৰি আছিলা যি জনী।
সি জনিৰ পাশে চলি যায়োক আপুনি॥
মাধৱে বােলন্ত ন কহিবা মােৰ দোষ।
ৰাত্ৰি গােট গােৱাইলোঁ কৰিয়া অসন্তোষ॥ ২৯২ ॥
তােমাক না পাই ৰাত্ৰি গােৱাইলোঁ দুৰ্ঘোৰ।
সি কাৰণে ৰাতুল নয়ন দেখি মােৰ॥
জানি আছোঁ আপুনি তুমি সে মােৰ প্রাণ।
সি কাৰণে বােলাে ন কৰিবা অপমান॥ ২৯৩ ॥
ৰাধিকা বােলন্ত কথা শুনিয়ােক মােৰ।
মনুষ্য সে দেখিলে ধৰিবে পাৰে চোৰ॥
যদি তুমি নৰমিলা গােপ কন্যাগণ।
গোপিনীৰ চক্ষুৰ কাজল বিতােপন॥ ২৯৪ ॥