পৃষ্ঠা:গীতগোবিন্দ.pdf/৬৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬২ ]



 

রূপক তালৰ ৰাগ ভৈৰৱ উত্তম।
শুনিয়োক ৰাগৰ লক্ষণ মনোৰম॥
শ্যামবৰ্ণ দীৰ্ঘ কেশ ৰূপবতী কন্যা।
মৃদুতৰ কোমল বচন অতিধন্যা॥ ২৮৫॥
পীতবস্ত্ৰ মালাখণ্ড খোপাত শোভয়।
লোহিত চন্দন আতি দেহা প্ৰকাশয়॥
প্ৰিয়া সঙ্গে মনোৰঙ্গে খেলে সখী মিলি।
ইসৱ লক্ষণে যে ভৈৰবী ৰাগ বুলি॥ ২৮৬॥
ৰাধিকা বচন বোলে মাধৱক চাই।
ইতো ঘোৰ ৰজনী বঞ্চিলা যাৰ ঠাঁই॥
ফিৰি যায়ো দামোদৰ সি জনীৰ পাশ।
আমাক মিছাতে কেনে কৰি আছো আশ॥ ২৮৭॥
আটায়ে ৰজনী গোপী আলাপিলা সুখে।
তাম্ৰবৰ্ণ দুই চকু ওজাগৰ দুখে॥
চক্ষুক চাহন্তে চিনি ভাল মন্দ লোক।
দেখিবে ন পাৰো আৰু অন্তৰ হয়োক॥ ২৮৮॥
ভাল ঠাঁই মন্দ ঠাঁই জানিছো বিছাৰি।
জলৰ সোঁতত যেন সৱ থাকে পৰি॥
সুতিবাৰ ভাল ঠাঁই নিচিলা জগতে।
ভাল নাৰী যি জনী চিনিবা কেন মতে॥ ২৮৯॥