পৃষ্ঠা:গীতগোবিন্দ.pdf/৬৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬১ ]

ৰাধিকায়ো দূৰে দেখি মাধৱৰ গায়।
গোপিনী আলাপ চিহ্ন দেখিবাৰে পায়॥
পুনু ৰোষ পাতিলা ৰাধিকা ক্ৰোধভাৱে।
অধোমুখে ৰহিলন্ত কৃষ্ণক না চাৱে॥ ২৮০ ॥
মাধৱে দেখন্ত ৰাধিকাৰ ক্ৰোধ বৰ।
ভয়ে তান নওচৰ না চাপে দামোদৰ।৷
আনিলয় বচন বুলিলা দেৱ হৰি।
দণ্ডে যুগ যাই মোৰ তোমাক সুমৰি॥ ২৮১ ॥
তুমি মোৰ গতিমতি তুমি মোৰ প্ৰাণ।
তুমি বিনে সংসাৰ বান্ধৱ নাহি আন॥
কৰযোৰ কৰি কহো ন কৰিবা ভিন।
কাম সাগৰত বুয়ো চপাই মোক কিন॥ ২৮২ ॥
তথাপি ক্ৰোধত ৰাধা নো তোলন্ত মাথ।
মহাভয়ে কাতৰ কৰন্ত জগন্নাথ॥
দেখাইলন্ত কামাতুৰ পুরুষৰ ভাৱে।
প্ৰণিপাতে নমিলা ৰাধাৰ দুই পাৱে॥ ২৮৩ ॥
কৃষ্ণৰ কপালে ৰাধাৰ আলত লাগিল।
দেখি দূতগণে সৱে বেড়িয়া হাঁসিল॥
তথাপিতো ৰাধা নুবুলিলা প্ৰিয় বাক।
কৰ যোৰ কৰি চাই ৰহিলা ৰাধাক॥ ২৮৪ ॥