পৃষ্ঠা:গীতগোবিন্দ.pdf/৬৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬০ ]

গীত চয় মনোৰম।
অমৃত নুহিকে সম॥
বোলে ৰামসৰস্বতী।
তেজিয়োক আন মতি॥ ২৭৬ ॥
ন কৰিবা আত লাজ।
ৰাম বুলি সাধা কাজ॥
সমাজৰ লোক সবে।
ৰাম ৰাম বোলা এবে॥ ২৭৭ ॥

পদ।

এহি মতে ৰাধা মনে দুখ কৰি আছে।
সুকণ্ঠীক কৃষ্ণে উঠি মাতিলন্ত পাছে॥
নিয়ো মোক প্ৰাণেশ্বৰী ৰাধিকাৰ পাশ।
ৰাধাৰ বিৰহে মোৰ প্ৰাণ হোবে নাশ॥ ২৭৮ ॥
হেন শুনি সুকণ্ঠীয়ে উঠিলা সত্বৰে।
আগ ভৈলা সুকণ্ঠী পাছত দামোদরে॥
এইমতে যেনে তেনে ৰাত্ৰি ভৈলা ক্ষয়।
ৰাধাক দেখিলা কৃষ্ণে প্ৰভাত সময়॥ ২৭৯ ॥