পৃষ্ঠা:গীতগোবিন্দ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৩ ]

পাছে সুমৰিবা মোক।
এৰিয়োক দুখ শোক॥
অৱশেষ ৰাত্ৰি আছে।
যাওঁ চলা তান কাছে॥ ২৪১ ॥
সুকণ্ঠীৰ বাক্য বুঝি।
হুমুনি নিশ্বাস তেজি॥
ৰাধিকা বোলয় সখি।
সহজতে আমি দুঃখী॥ ২৪২ ॥
যত দেখা নাৰী গণ।
সবে আমি পরাধীন॥
যিজনে যাচিয়া যাই।
লোকত নৈৰাশ পাই॥ ২৪৩ ॥
পূৰ্ব্বত উৰ্ব্বশী নাৰী।
যাচি গৈ লজ্জাত পৰি॥
উৰ্ব্বশী অৰ্জ্জুন ঠাঁই।
ফিৰি গৈলা লজ্জা পাই॥ ২৪৪ ॥
না যাইব কৃষ্ণৰ ঠাঁই।
সত্যে বোলো সখী আই॥
ৰাধাৰ বচন শুনি।
সুকণ্ঠী মনত গুণি॥ ২৪৫ ॥