পৃষ্ঠা:গীতগোবিন্দ.pdf/৫৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৭ ]

সুকণ্ঠী বোলয় সখি ন কৰিবা লাজ।
সবাৰে হৃদয় পশি আছে যদু-ৰাজ॥
ভয় নিন্দা অধম অসূয়া যতচাৰ।
ইহাঙ্ক ভজিলে পাৱে সংসাৰেৰ পাৰ॥ ২১৩ ॥
আকে জানি সখি মনে তেজিয়া বিকল।
কৃষ্ণক ভজিয়া জন্ম কৰিয়ো সাঁফল॥
ব্ৰহ্মা আদি ধিয়ানত যাক লাগ পাই।
চৰণৰ ধূলি লন্ত মূঙ্কুট ভৰাই॥ ২১৪ ॥
মধুৰ মুরূতি কোটি কন্দৰ্পক জিনি।
যিতো রূপ দেখি প্ৰভো বিস্ময় আপুনি॥
চলা চলা নিতম্বিনি শুনা মোৰ বোল।
কৃষ্ণৰ মধুৰ রূপে চাপি দিয়া কোল॥ ২১৫ ॥
নিৰোধিবা নেপুৰক পয়ানৰ হন্তে।
গোপীগণে পাইবে সাৰি পথত চলন্তে॥
হাতক জুৰিলা সুকণ্ঠীৰ বাক্য পাই।
চলিবাক সাজনি সাজিলা ৰাধা ৰাই॥ ২১৬ ॥
বোলে ৰাম সৰস্বতী দেখা কেন মত।
কৃষ্ণক জানিবে পাৰি সন্তৰ সঙ্গত॥
সন্তৰেসে সুখত নামৰ জন্ম ভৈলা।
এতেকে নিস্তাৰ হেতু সংসাৰত ৰৈলা॥ ২১৭ ॥