পৃষ্ঠা:গীতগোবিন্দ.pdf/৫২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৬ ]

তুষ্ট হুইয়া স্বামীৰ সম্মান দিলা কাঢ়ি।
বৰাৰি বৰিলা স্বামী চৰণত ধৰি॥
জয় জয় ফুকাৰিল সিদ্ধ মুনিগণ।
দেখি সৰ্ব্বজনে ভৈল আনন্দে মগন॥ ২০৮ ॥
ব্ৰহ্মাদেৱে পূৰ্ণাহুতি দিলা ৰঙ্গ কৰি।
এতেক লক্ষণে ৰাগ বুলিলা বৰাৰি॥
তোমাৰ বিৰহে সখী দুখপান্ত হৰি।
মলয়া পৱন যিথানত প্ৰাণেশ্বৰী॥ ২০৯ ॥
শয্যাএৰি ধৰণিত কৰান্ত শয়ন।
তযু নাম ধৰি কৃষ্ণে কৰন্ত ক্ৰন্দন॥
ঘনে ঘনে মাধৱে দিলন্ত বংশি ডাক।
আইস ৰাধা প্ৰাণেশ্বৰী আলিঙ্গা আমাক॥ ২১০ ॥
বিশ্বাস নকৰা যদি বচন আমাৰ।
শুনিয়োক নীজ নাম বংশিত তোমাৰ॥
কৰ্ণপাতি ৰাধিকা শুনিলা মন কৰি।
ডাকন্ত ৰাধিকা বুলি নীজ নাম ধৰি॥ ২১১ ॥
লাজে আৰ হুইৱে লাগি বস্ত্ৰ মাত্ৰ টানে।
গুপুত বেকত ভৈলা বংশিৰ নিদানে॥
শাশুৰী ননন্দী দুয়ো মোৰ প্ৰাণবৈৰী।
সময় ন জানি বংশী ডাকে নাম ধৰি॥ ২১২ ॥