পৃষ্ঠা:গীতগোবিন্দ.pdf/৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৫ ]

দেখিয়া ৰাধিকা উঠিলন্ত গাৱ লাৰি।
সুগন্ধিত পুষ্পৰ আসন দিলা পাৰি॥
শুনি আছে ৰাধাদেৱী প্ৰেমৰ পৰম।
কথা এক কহিলা সুকণ্ঠী মনোৰম॥ ২০৩ ॥
দেৱ লোকে ৱাঞ্চাকৰে মনুষ্যৰ কায়।
ই হেন শৰীৰ সখী বিফলে সে যায়॥
যোগিগণে যাহাঁকে নপাৱে ধ্যান কৰি।
তোমাৰ নিমিত্তে প্ৰভো উত্ৰাৱল হৰি॥ ২০৪ ॥
মুণিগণে চিন্তাকৰি চিন্তিয়া নপায়।
কৰিয়া সংসাৰী হোৱে জানিবা নিশ্চয়॥
হেন কৃষ্ণে তোমাক বিচাৰি ফুৰে বনে।
পৰম অবোধ দেখোঁ তোমাৰ লক্ষণে॥ ২০৫ ॥
রূপক তালৰ ৰাগ বৰাৰি উত্তম।
ৰাগৰ লক্ষণ কহোঁ শুনা মনোৰম॥
দিব্য কোটি রূপৱতী কন্যা নিজ সঙ্গে।
অলঙ্কাৰে মনিক কচাৱে মন ৰঙ্গে॥ ২০৬ ॥
অপোনাৰ অলঙ্কাৰ পিন্ধিনন্ত কাঢ়ি।
চামৰ ঢুলায়া তাঙ্ক নেই আগবাঢ়ি॥
দেৱতাৰ পুষ্পমালা কণ্ঠত পিন্ধাইলা।
নমস্কাৰ কৰি কন্যা শয্যাত বসাইলা॥ ২০৭ ॥