পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪০ ]

হেন শুনি মাধৱে হাসিলা খল খলী।
ৰত্নাক বোলন্ত ৰাধা পৰম আজলি॥
চৰণত কামদেৱ লেখিলা গোপিনী।
কিমতে মাতান্ত তাক আপোনা আপোনি॥ ১৭৮ ॥
ৰাধিকাৰ কথা শুনি হাসি হাসি মৰি।
পাছে কি কৰিলা কহিয়োক প্ৰাণেশ্বৰী॥
ৰত্নাৱলী বোলে জানো কথা সাঙ্গোপাঙ্গে।
মুখে হৰি হৰি বোলা হৃদয়ত ৰঙ্গে॥ ১৭৯ ॥
তৃণ খাই জীয়ে পশু অৰণ্যত থাকে।
কোন দোষ কৰিয়াছে ব্যাধে মাৰে তাকে॥
জল খাই জীয়ে মৎস জল সে জীৱন।
কোন দোষে তাহাকে কৈবৰ্তে কৰে চন॥ ১৮০ ॥
লতা প্ৰায় জীয়ে সাধু সন্তে সে জীৱন।
খলুৱা তাহাৰ শত্ৰু ভৈলা কি কাৰণ॥
এই তিনি বৈৰী আকাৰণ জগতত।
তোমাক লেখিলোঁ প্ৰভো তাহাৰ আগত॥ ১৮১ ॥
পৰম অবোধ আমি গোৱালৰ নাৰী।
পতি পুত্ৰ এৰি ভজিলোহওঁ নিবিচাৰি॥
ব্যাধে যেন হৰীণক মাৰে শৰে হানি।
তুমিয়ো ৰাধাক মাৰা বিৰহ অগনী॥ ১৮২ ॥