পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩৯ ]

এহি বুলি আপোনাৰ ভৰি তলুৱাতে।
কামদেৱ মুৰ্ত্তিক লেখিলা দেৱি তাতে॥
কস্তুৰী কুম্ কুম বৰ্ণ কৰিলন্ত কালা।
গলত লেখিলা দিব্য বৈজয়ন্তি মালা॥ ১৭৩ ॥
মগৰ বাহন পাছে লেখিলা পাছত।
ৰত্নময়-কুণ্ডল যে কিৰীটী কৰ্ণত॥
হাতত লেখিলা পুষ্পময় দিব্য বাণ।
স্তনত আৰোপি দিল পঞ্চ মুখ বাণ॥ ১৭৪ ॥
সেই অস্ত্ৰ সেই বস্ত্ৰ সেই ভৰি হাত।
কামদেৱ সাক্ষাতে কেৱলে নাহি মাত॥
দেখি ৰাধা লাজে বস্ত্ৰ তুলি লৈলা মাথে।
চৰণত প্ৰণাম কৰিলা আথে বেথে॥ ১৭৫ ॥
গোচৰ কৰন্ত ৰাধা চৰণত ধৰি।
তোমাৰ গুণক প্ৰভো কহিতে না পাৰি॥
যাৰ হেতু দেৱাসুৰ গন্ধৰ্ব্ব মনুষ্য।
সকল সংসাৰ প্ৰভো হোৱে তিৰি বশ্য॥ ১৭৬ ॥
সিকাৰণে লাজ এৰি মাগোঁ তজু আগে।
নন্দৰ পুত্ৰক প্ৰভো মোহিবাক লাগে॥
ধৰি আছোঁ ধনু যেই পুষ্পবাণ হানি।
এতিক্ষণে আপোনি কৃষ্ণক দিয়া আনি॥ ১৭৭ ॥