পৃষ্ঠা:গীতগোবিন্দ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹

আদিকাল। বঙ্গভাষাৰ এতিয়া পূর্ণাবস্থা। অসমীয়া ভাষা এতিয়াও কেচুৱা। অইন কি, পূৰ্ব্বৰ মহাপুরুষ বিলাকে যি বিলাক পুথি ৰচি গৈছে, এতিয়া সেই বিলাকেই লোপ পাব লগীয়া হৈছে। আমি সেই দেখি এই পুথি বহু যত্নেৰে সংগ্ৰহ আরু সংশোধন কৰি ইয়াৰ অভাৱ আতঁৰাবৰ অভিপ্রায়ে ছপাবলৈ আগ বাঢ়িলোঁ।

 কবিবৰ ৰাম সৰস্বতীএ গীতগোবিন্দৰ মাধুর্য্য অসমৰ লোক সমাজত প্ৰচাৰ কৰিবৰ মানসে নিত্য স্মৰণীয় নৰ-নাৰায়ণ মহাৰাজাৰ আশ্ৰয় আরু উৎসাহত ভাষান্তৰ কৰে, এতিয়া সেই উদ্দেশ সাধন হলেই আমি সার্থক মানিম ইতি।

 গুৱাহাটী,
১৬ পৌৰ সন ১২৯০ সাল।
শ্ৰী কালীৰাম শৰ্ম্মা।