পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩১ ]

ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিতো শৰে বশ্য।
ত্ৰিভুবন জিনিয়াছোঁ গন্ধৰ্ব্ব মনুষ্য॥
সেই শৰ কৃষ্ণক জুৰিলা লক্ষ কৰি।
চৰাচৰ কম্পিলা লৰিলা হেমগিৰি॥ ১৩৩ ॥
মাধৱে গুণন্ত মোক শৰ মাৰে ধৰি।
সপোনত নোহিকে ইহাৰ মই বৈৰি॥
মহাদেৱ বৈৰি তাৰ উপৰি জন্মৰ।
অকাৰণে শিব বুলি মাৰে মোক শৰ॥ ১৩৪ ॥
পৰম দুখত অকাৰণে দুখ পাঁও।
চিনা দিয়া কামদেৱ দুৰ্গত এৰাও॥
হেৰা কামদেৱ মোক ন কৰিবা শৰ।
নোহো তজু বৈৰি মই উপৰি জন্মৰ॥ ১৩৫ ॥
মলয়া চন্দন তুল্য শৰীৰ আমাৰ।
ভস্ম বুলি আত তুমি নকৰিবা শৰ॥
মৃনাল সদৃশ হাৰ গলে আছোঁ ধৰি।
সৰ্পমালা বুলি নামাৰিবা টান কৰি॥ ১৩৬ ॥
কণ্ঠে পিন্ধ আছোঁ নীল পল্লব পত্ৰৰ।
কালকুট বুলি আত নাহানিবা শৰ॥
মানা বৰ্ণ ভৈলা মোৰ কস্তুৰী কুঙ্কুম।
চিত্ৰ পত্ৰ জানিবা মুহিকে বাঘ চাম॥ ১৩৭ ॥