পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩০ ]

কিবা ধন জন চাৰ জীৱন আমাৰ।
ৰাধা বিনা দেখোঁ মই দিনেতে আন্ধাৰ॥
যাঁক থাকো চিন্তি মই মনত নিৰিখোঁ।
ধিয়ানত ৰাধাৰ কমল মুখ দেখোঁ॥ ১২৮ ॥
হেন প্ৰাণেশ্বৰী ৰায় পাবো কোন ঠায়।
আনন্দে ক্ৰিড়িলো চন্দ্ৰাবলী ৰাত্ৰি পায়॥
ৰাধা বিনে বন মাজে বৃথা কৰো শোক।
কলৈ গৈলা প্ৰাণেশ্বৰী আখাসিয়ো মোক॥ ১২৯ ॥
ধ্যান কৰি ৰাধিকাক হৃদয়ত পাই।
কৰ জোৰ কৰিয়া মাতন্ত যদুৰাই॥
এনে দোষ না ধৰিয়া আউৰ বাৰম্বাৰ।
প্ৰাণেশ্বৰী ৰাধা দোষ ক্ষেমিবা আমাৰ॥ ১৩০ ॥
মোৰ খঙ্গে ক্ষীণ ভৈলা ধৰিলাহা দোষ।
চৰণত ধৰি কহো কৰিবা দোষ॥
ৰাধিকাৰ বিৰহে কৃষ্ণৰ দহে তনু।
কামদেব ছিদ্ৰ পাই তুলি লৈলা ধনু॥ ৩১ ॥
ৰতিপতি মনে মনে কৰিলা টঙ্কাৰ।
এহি কৃষ্ণে দেৱক জিনিছে বাৰম্বাৰ॥
আজি দেখো কি কৰন্ত পৰি মোৰ হাতে।
এহি বুলি ধনুবাণ ধৰি আথে বেথে॥ ১৩২ ॥