পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৯ ]

পতি মধ্যমান চেৱে নাচে পদ্মাৱতী।
গুঞ্জৰী ৰাগক জয়দেৱে নিগদতি॥
যৈসানি ৰামৰ সেনা রধিলা ৰাবণি।
হনুমন্ত গৈলা আনিবাক সঞ্জীবনী॥ ১২৩ ॥
গন্ধ মাৰ্দ্দনত বীৰে প্ৰবেশিল যায়।
তিন কোটী গন্ধৰ্ব্বক পাইলা সেহি ঠায়॥
ধৰ্ম্মে সে সহায় হনুমন্ত এক গোটী।
হেলা রূপে মাৰিল গন্ধৰ্ব্ব তিন কোটী॥ ১২৪১ ॥
আঠাইশ দিনে বীৰে গন্ধৰ্ব্বক মাৰি।
সাগৰ মাতিল লৰাইলেক মেরু গিৰি॥
আকাশৰ পৰা দেৱে পুষ্প বৰখিল।
সেই আৰ্ত্ত ৰাৱতে গুঞ্জৰী ৰাগ ভৈল॥ ১২৫ ॥
ৰাধিকাক বিচাৰি নাপাইলা নাৰায়ণে।
বিৰহত বিকল ভৈলন্ত কামবাণে॥
মন দুখে মাধৱে বোলন্ত হৰি হৰি।
মোৰ অনাদৰে ৰাধা গৈলা ৰোষ কৰি॥ ১২৮ ॥
ব্ৰজবধূগণ সমে দেখি আতি শোকে।
জানিলোঁ ৰাধিকা ৰোষ কৰি গৈলা মোকে॥
মোৰ কেন দোষ মই না ৰাখিলোঁ যাচি।
ৰাধিকাৰ বিৰহে প্ৰাণ ন ৰহয় আজি॥ ১২৭ ॥