পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৮ ]

মলয়া পৱন শুনি ভৃঙ্গাৰীৰ ৰাৱ।
ময়ুৰৰ নাদত বিৰহে পুৰে গাৱ॥
আকে জানি সত্বৰে কৃষ্ণক মাতি আন।
মাধৱক পাইলে সে জুৰাই মোৰ প্ৰাণ॥ ১১৮ ॥
ৰাধাক শম্বোধি মাতিলেক ৰত্নাৱলী।
থাকিয়োক মন সুখে ন হৈবা বিকলী॥
আমি সবে থাকন্তে তোমাৰ হেন দুখ।
আজি পাইলে মাধৱক ন চাহিবো মুখ॥ ১১৯ ॥
এহি বুলি ৰাধাক নমীয়া ৰত্নাবলী।
চলি গৈলা মাধৱৰ সমীপক বোলি॥
শুনিয়োক আত অনন্তৰে কৃষ্ণ কথা।
গোপীগণ সমে মাধৱৰ ক্ৰীড়া যথা॥ ১২০ ॥
ৰাধাক নে দেখি কৃষ্ণে গোপীগণ মাঝে।
পৰম বিৰহ মন ভৈলা যদুৰাজে॥
হৃদয়ত পাইলা ৰাধিকাৰ প্ৰেম জৰি।
মাধৱৰ পাৱত বান্ধিছে দৃঢ় কৰি॥ ১২১ ॥
ৰাধিকাক নে দেখিয়া মাধৱ মুৰাৰি।
সেহি থানে এৰিলা যতেক গোপ নাৰী॥
অন্তৰিছে জানিছো ৰাধিকা ৰোষ কৰি।
মন দুখে কৃষ্ণে তাঁকে ফুৰন্ত বিচাৰি॥ ১২২ ॥