পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৭ ]

আমি ভয় লাজে অতি চিপিবো নয়ন।
মনত আকুল কামে ঘামিব বদন॥
মােৰ চিত জানি কৃষ্ণে আলিঙ্গবে ধৰি।
বিৰহৰ দুঃখ বাণ কাঢ়ি লৈব হৰি॥ ১১৩ ॥
ষোড়শ শৃঙ্গাৰ বিচাৰিবো নাৰায়ণে।
আপােনি দেখাই বুহু বুঝি থানে থানে॥
ষােড়শত অধিক দেখাইবো তিনি কলা।
ৰতিত জিনিয়া কাঢ়ি লৈবো মনমালা॥ ১১৪ ॥
কোকিল আকুল ৰাৱ চিত্ত বিয়াকুল।
খসিবেক খােপাৰ মালতি যুতী ফুল॥
ভাগৱত কৃষ্ণৰ ৰতিত মই ক্ষমা।
পাছে দৰ্শাইবো মই আপােন মহিমা॥ ১১৫ ॥
কাম শাস্ত্র বিচাৰিয়া জানিচো লক্ষণ।
কামিনী ৰমন্তে ভাগৰিলা ভিতো-জন॥
কামিনী ক্ৰীড়িবে তাক পুরুষ আকাৰে।
হেন কহে শুনা ৰতিশাস্ত্র ব্যৱহাৰে॥ ১১৬ ॥
মাধৱৰ বক্ষঃস্থলে কৰিবাে অপাৰ।
হৃদয়ত ঘষিবো নূতন স্তনভাৰ॥
কৃষ্ণে মােৰ কেশত ধৰিবে টানি টানি।
অলেখ চুম্বন দান দিবন্ত আপােনি॥ ১১৭ ॥