পৃষ্ঠা:গীতগোবিন্দ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৬ ]



অবশ্যে আসিবে কৃষ্ণ মোৰ কথা শুনি।
উদাৰ কৃষ্ণৰ গুণ দেখিবা আপোনি॥
আঠ ঠাই ক্ৰীড়া কৰে কামিনী সমস্ত।
শুনিয়োক তাহাৰ নীৰ্ণয় যত যত॥১০৮॥
ক্ষেত্ৰভূমি বাড়ি আরু ভগ্নদেৱ গেহ।
নিৰ্জ্জন ঘৰ আরু অৰণ্যত বিশেষ॥
নীজ থানে নদীতীৰে জলত নমায়।
বেশ্যা গণ ক্ৰীড়ি 'বাক এই আঠ ঠায়॥১০৯॥
আসি পুনু আছো দেখা নিকুঞ্জ মন্দিৰে।
যাক বিমানত দেৱগণে স্তুতি কৰে॥
আক জানি কৃষ্ণক সত্বৰে মাতি আন।
মাধৱক দেখিলে যুৰাইব মোৰ প্ৰাণ॥১১০॥
শুতিয়া থাকিবো মই নিকুঞ্জ মন্দিৰে।
এথা আসি মাধৱ বশিব ধীৰে ধীৰে॥
প্ৰথম সংগ্ৰামে মই লজ্জিত স্বভাৱে।
বস্ত্ৰে কুচ উরুক ঢাকিবো সৰ্ব্ব গাৱে॥১১১॥
পটু চাটু বচনে পণ্ডিত বনমালী।
যাচি আশি আপোনি ধৰিব আঙ্কোৱালী॥
কিশলয় শয্যাত থাকিবো মই শুতি।
সাবটীয়া অধৰ চুম্বিব যদু পতি॥১১২॥