পৃষ্ঠা:গীতগোবিন্দ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
ভূমিকা।

——

 এতিয়া তিনিশ বচৰতৰ্কেও বেচি হল “গীত-গোবিন্দ”। কোচবিহাৰৰ পূৰ্ব্ব নৰপতি নৰ-নাৰায়ণৰ মহাৰাজাৰ উৎসাহত পণ্ডিতবৰ অনন্তকন্দলী দেৱে অসমীয়া ভাষাত পদবন্ধে নিবন্ধন কৰে, আরু শুক্লধ্বজ মহাৰাজাই ইয়াৰে টীকা কৰে।

 কোচবিহাৰৰ ৰাজসভাত কবি অনন্ত কন্দলীৰ ৰামসৰস্বতী নাম হয়। ৰামসৰস্বতী শ্ৰীশঙ্কৰ দেৱৰ সময়ৰ লোক।

 বঙ্গদেশত যেনেকে শ্ৰীচৈতন্যদেৱৰ জ্বলন্ত উদ্যমত হিন্দুধৰ্ম্মৰ বহু পুধি বঙ্গভাষাত বিৰচিত হয়, অসমদেশতো সেই দৰে শ্ৰীশঙ্কৰদেৱৰ অদম্য উগ্ৰ ধৰ্ম্ম ভাৱৰ প্ৰভাৱত বহু পুথি অসমীয়া ভাষাত বিৰচিত হৈ অতি পবিত্ৰ বৈষ্ণৱ-ধৰ্ম্মৰ সোঁত অসমীয়া মানুহৰ মাজত পাৰ ভাঙ্গি বয়।

 শ্ৰীচৈতন্যদেৱৰ সময়েই বঙ্গভাষাৰ আদিকাল। শ্ৰীশঙ্কৰদেৱৰ সময়েই অসমীয়া ভাষাৰ