পৃষ্ঠা:গীতগোবিন্দ.pdf/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২১ ]

পীতৱস্ত্ৰ কৃষ্ণৰ পিন্ধিলা গোপী কাঢ়ি।
আপোনাৰ নীলবস্ত্ৰে কৃষ্ণক আবৰি॥
কৃষ্ণৰ বংশিক কাঢ়ি বাইবে লৈলাতাৰা।
খোপা গোট কৃষ্ণৰ বান্ধিলা মেলি চুড়া॥ ৮৩ ॥
আপুনি পুরুষ কাচ লৈলা গোপীগণে।
নাৰী বেশে মাধৱক কাচাৱে-যতনে॥
কত বংশি বাৱে কতো চাপৰি বজাৱে॥
চাপৰিৰ চেৱে চেৱে নাচন্ত মাধৱে॥ ৮৪ ॥
ইটে সিটে গোপী সৱে কহে চকুঠাৰি।
নাৰীৰ দুখক কিছো না জানে মুৰাৰি॥
নাৰী হুয়া নাচি কৃষ্ণে তাৰ ফল পাওক।
মাতিবে খুজন্তে নামাতিবা গোপীঝাঁক॥ ৮৫ ॥
এহি বুলি তেসম্বেও মনে সাৰ কৰি।
গোপীগণে অলঙ্গিবে খোজন্তে মুৰাৰি॥
কৃষ্ণবেশে গোপীগণে নাচাৱন্ত মুখ।
বিৰহিণী-জনৰ জানিবে তেবে দুখ॥ ৮৬ ॥
তাসম্বাৰ পরিহাস জানিলন্ত হৰি।
পুরুষ ভৈলন্ত কৃষ্ণ নাৰীবেশ এৰি॥
দেখি পোপীগণে আতি মৰে কাম ভোলে।
আলিঙ্গি চুম্বিয়া কাকো বৈসালন্ত কোলে॥ ৮৭ ॥