পৃষ্ঠা:গীতগোবিন্দ.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]

আমাক দেখিলা ইতো ভালে।
ফিৰি তোৰা যায়োক সকলে॥
পতি পুত্ৰ আছে বটে চাই।
বিচাৰিবে গৃহত নাপাই॥ ৪৫॥
শুনি গোপী লাজ ভৈলা বৰ।
অধোমুখে নি দিলা উত্তৰ॥
পুনৰপি মাতিলা মাধৱে।
জানো আসি আছা কামভাৱে॥ ৪৬॥
উপপতি আশা কৰি মোক।
জানো আসি আছা সখীলোক॥
ইতো কৰ্ম্ম অযুগত বৰ।
লোক মন্দ বেলে নিৰন্তৰ॥ ৪৭॥
অল্প সুখ ক্ষেণেকে চাৰয়।
পৰ লোকে নৰকে পৰয়॥
গুরুজনে শুনি বোলে মন্দ।
তোৰা স্বামীগণে কৰে দন্দ॥ ৪৮॥
ইহ লোকে পৰ লোকে শোক।
জানি ক্ষমা কৰা সখীলোক॥
আপোনাৰ স্বস্বামীৰ ঠাঁই।
ইতো কামশান্ত কৰা যাই॥ ৪৯॥