পৃষ্ঠা:গীতগোবিন্দ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]

যমুনাৰ জলে,  ভাটিক নচলে,
 বহয় উজান ধৰি।
পশুপক্ষীগণ,  এৰি আন মন,
 বংশিয়ে হৰিলা চিত,
উৰ্দ্ধ মুখ কৰি,  বন ফল এৰি,
 চাপিলা আসি সন্নিত।৷ ২৯।৷
বংশিবাদ্য শুনি,  যতেক গোপিনী,
 কামে জৰ্জ্জৰিত চিত।
শৰীৰ শিহৰে,  লোতক নিগৰে,
 বংশিৰ শুনিয়া গীত।৷
নীজ নাম ধৰি,  ডাকিলন্ত হৰি,
 আইস ৰাধা প্ৰাণেশ্বৰী।
শুনি বসুমতী,  পদ্মৱতী ৰতী,
 বৃন্দাবনে ক্ৰীড়া কৰি।৷ ৩০।৷
নীজ নাম শুনি,  আনন্দে গোপিনী,
 আসিলেক সেহিমতে।
কোলাৰ শিশুক,  মাটিত পেহ্লাই,
 চলি গৈলা লৱৰন্তে।৷
স্বামীৰ কোলাত,  আচিলেক কেহো,
 শুনিয়া লৱৰ দিলা।