পৃষ্ঠা:গীতগোবিন্দ.pdf/১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭ ]
 
দুলরী।

জয় নমাে ৰাম,  গুণে অনুপাম,
 মধুৰ মুরুতি হৰি।
গীত-গােবিন্দৰ,  পদমনােহৰ,
 বিৰচিলা যত্ন কৰি॥
বােলাে মূঢ়মতি,  ৰাম সৰস্বতী,
 তুমি যে বৰ নাগৰ ।
ভক্তি ধনে কিনি,  নিয়ােক আপুনি,
 উদ্ধাৰিয়াে দামােদৰ ॥ ২৭ ॥
বৃন্দাবনে আতি,  পূর্ণ চন্দ্রকান্তি,
 বহে মলয়াৰ ধাৱ।
পুষ্পে বিকশিত,  কামে জৰ্জ্জৰিত,
 তরুণীৰ দহে গাৱ॥
ৰাত্ৰি কৃষ্ণ যাই,  বৃন্দাবনে পাই,
 মনত উৎসৱ বৰ।
কদম্বেৰ তলে,  বসিয়া বিৰলে,
 বংশি বাইলা দামােদৰ॥ ২৮ ॥
বংশিৰ বাদ্যত,  বৃক্ষ শিলা যত,
 পানিহুয়া যাই ঝৰি।