পৃষ্ঠা:গীতগোবিন্দ.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬ ]

বৃন্দাবন ঝক্‌ মক্‌ পুষ্পে বিকশিত।
কামবাণে কামিনীৰ চঞ্চল চৰিত॥
মলয়-পৱন বহে বসন্ত প্ৰকাশ।
ফুলিল মালতি যুতি নিৰ্ম্মল আকাশ॥ ২৩॥
পূৰ্ণচন্দ্ৰ ৰশ্মিদশো দিশ গৌৰবৰ্ণ।
কামভাৱে যুবতীৰ স্বামী সুসৰণ॥
অশোক চম্পক বক ফুলিলা মন্দাৰ।
নানা পুষ্পে বৃন্দাবন কৰে জাতিস্কাৰ॥ ২৪॥
বিকশিত বৃন্দাবন দেখি নাৰায়ণে।
বংশিবাদ্য কৰিলেক ক্ৰীড়িবাক মনে॥
শুনিয়োক সভাসদ কৃষ্ণৰ চৰিত।
আত পৰে ধৰ্ম্ম আৰ নাহিক কলিত॥ ২৫॥
কহে ৰাম সৰস্বতী পৰম দুৰ্ণীত।
নিদানত ধৰ্ম্ম নৃপতিৰ পুৰোহিত॥
নাজানি কহিলো কৃষ্ণ কথাক বিস্তৰি।
ব্ৰহ্মা নজানন্ত যাক লক্ষ ভাগ কৰি॥ ২৬॥
কহে ৰাম সৰস্বতী এৰি আন কাম।
নিৰন্তৰে লোকে ডাকি বোলা ৰাম ৰাম॥

⸻⸻