পৃষ্ঠা:গীতগোবিন্দ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫ ]

আরু বিধ গোপীৰ শুনিয়ো জন্ম কথা।
দণ্ডকাৰ বনে ৰাম সীতা সমে যথা॥
ঋষিগণে শুনি তাঙ্ক চাহিবাক যাই।
বুলিলন্ত ভাগ্যৱতী জানকীক চাই॥ ১৮॥
শুনিয়োক সীতা তুমি কিনো ভাগ্যৱতী।
ত্ৰিভুবন-মোহন ৰাঘব যাঁৰ পতি॥
যাঁৰ রূপ দেখি কন্দৰ্পৰ কাম্পে গাৱ।
আচোক নাৰীৰ পুরুষৰ কামভাৱ॥ ১৯॥
হেন রূপ আলিঙ্গি পাসৰা আন চিন্তা।
নাৰীগণ চুড়ামণি ধন্য ধন্য সীতা॥
পুরুষৰ রূপ মোৰা বিফল জীৱন। '
যাক আলিঙ্গন্ত প্ৰভু কমললোচন॥ ২০॥
ৰামচন্দ্ৰে বোলন্ত শুনিয়ো ঋষি-লোক।
নাৰী হুয়া যদি আলঙ্গিবে খোজা মোক॥
গোকুলত কৃষ্ণ অৱতাৰ হুইবো ময়ী।
গোপী হুয়া ভজিবাহা তোৰা ঋষিচয়ী॥ ২১॥
সেই ঋষিগণ তাৰা গোপী আসি ভৈলা।
এহে তিনবিধ গোপী কৃষ্ণক ৰমিলা॥
সৰত-কালত চন্দ্ৰাৱলী ৰাত্ৰি পায়।
দিব্য ৰাসক্ৰীড়া আৰম্ভিলা যদুৰায়॥ ২২॥